উদয়পুৰত সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত মৌলবাদীৰ হাতত মৃত্যু হোৱা কানহাইয়া লালৰ পৰিয়ালটোৰ প্ৰতি কেৱল ৰাজস্থানৰ জনসাধাৰণেই নহয়, সমগ্ৰ দেশৰ জনসাধাৰণে সহানুভূতি প্ৰদৰ্শন কৰিছে।
চিলাই কামেৰে পৰিয়াল চলোৱা কানহাইয়াই পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ উৎস আছিল। তেওঁৰ মৃত্যুৰ ফলত পৰিয়ালটোৰ প্ৰতি সৃষ্টি হোৱা প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ মানুহে উদাৰতাৰে আৰ্থিক সহায় আগবঢ়াইছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতা কপিল মিশ্ৰই ক্ৰাউড ফাণ্ডিঙৰ জৰিয়তে কানহাইয়াৰ পৰিয়ালৰ বাবে ১.৩৭ কোটি টকা সংগ্ৰহ কৰিছে। মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে কানহাইয়াৰ পৰিয়ালটোৰ বাবে মানুহে এক কোটিতকৈ অধিক টকা আগবঢ়াই সহায় কৰিছে।
কপিল মিশ্ৰই আৰম্ভ কৰা অভিযানত ১২ হাজাৰৰো অধিক লোকে সামৰ্থ অনুযায়ী আৰ্থিক সহায় কৰিছে। ৩০ দিনত কানহাইয়াৰ পৰিয়ালৰ বাবে এক কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। কানহাইয়াক বচাবলৈ চেষ্টা কৰি আহত হোৱা ইশ্বৰ সিঙক ২৫ লাখ টকা দিয়াৰ সিদ্ধান্ত লোৱা হয়। কিন্তু মাত্ৰ ২৪ ঘণ্টাত আহিল ১.৩৭ কোটি টকা। কেৱল চলচ্চিত্ৰ নিৰ্মাতা মনীষ মুন্দ্ৰাই দিছে ১১ লাখ টকা। কপিল মিশ্ৰৰ মতে, দেশৰ লগতে বিশ্বৰ বিভিন্ন কোণৰ পৰা সহায় আগবঢ়াইছে।
লগতে পঢ়ক উর্ফি জাভেদৰ আটাইতকৈ ব’ল্ড অৱতাৰ! চাওক সাহসী উৰ্ফিৰ শেহতীয়া পোছাক
এই অভিযান আৰম্ভ কৰি কপিল মিশ্ৰই টুইটাৰত লিখিছে, ‘‘উদয়পুৰত কানহাইয়া লালজীক হত্যা কৰা হৈছে। সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে এজন দুখীয়া হিন্দুক। কানহাইয়া লালজীৰ পৰিয়ালৰ দায়িত্ব এতিয়া আমাৰ। তেওঁৰ পত্নী, সন্তান এতিয়া অকলশৰীয়া আৰু আৰ্থিকভাৱে দুৰ্বল।’’
ইফালে বৃহস্পতিবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কানহাইলালৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক ৫১ লাখ টকাৰ এখন চেক প্ৰদান কৰে। কানহাইয়াৰ দুয়োজন পুত্ৰক চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতিও দিছে।
উল্লেখযোগ্য যে ২৮ জুনত মহম্মদ ৰিয়াজ আৰু ঘাউছ মহম্মদ নামৰ দুজন অভিযুক্তই দোকানখনত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কানহাইয়ালালক হত্যা কৰিছিল। নুপুৰ শৰ্মাৰ সমৰ্থনত কৰা এটা পোষ্টৰ বাবেই হত্যা কৰা হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ