অসম লাইভ ২৪ঃ কাক বিশ্বাস কৰিব নাৰীয়ে, স্বামীৰ কাষতো সুৰক্ষাহীনতাত পত্নী৷ এক জঘন্য ঘটনা৷ কনিষ্ঠ ভাতৃৰ শয্যাসংগিণী হোৱাত অস্বীকাৰ কৰাৰ বাবেই পত্নীক আক্ৰমণ স্বামীৰ৷ হাতুৰীৰে মৰিয়াই গুৰুতৰভাৱে আহত কৰে পত্নীক৷ এই ঘটনা সংঘটিত হৈছে বাঘবৰৰ ধৰ্মপুৰত৷ জানিব পৰা মতে মহিলা গৰাকীক কনিষ্ঠ ভাতৃৰ শয্যাসংগিনী হোৱাৰ বাবে দীৰ্ঘদিনৰে পৰা হেচাঁ প্ৰয়োগ কৰি আহিছিল স্বামী আলিম উদ্দিনে৷ ইফালে, ককায়েকৰ সেউজ সংকেত পাই ভাতৃ কলিম উদ্দিনেও বৌয়েকক বাৰম্বাৰ দি আহিছিল একেই প্ৰস্তাৱ৷ বৌয়েকে প্ৰস্তাৱ অস্বীকাৰ কৰাত বৌয়োকৰ ওপৰত শাৰীৰিক নিৰ্যাতন আৰম্ভ কৰে কলিম উদ্দিনে৷ আনকি স্বামী আৰু দেওৰেকে হাতুৰীৰে উপৰ্য্যুপৰি প্ৰহাৰ কৰি প্ৰাণে মৰাৰ প্ৰচেষ্টাও চলায় মহিলাগৰাকীক৷ প্ৰাণৰ ভয়ত মহিলাগৰাকী পিতৃগৃহলৈ পলায় যোৱাৰ পাছত পিতৃ পৰিয়ালে চিকিৎসাৰ ব্যৱস্থা কৰে৷ অৱশেষত আৰক্ষীৰ কাষ চপাত পোহৰলৈ আহিছে স্বামীৰ কু-কৰ্মৰ লগতে সমগ্ৰ ঘটনা৷ এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ