কভিড মহামাৰীৰ বিধ্বংসী প্ৰভাৱ আজিও আছে সমগ্ৰ বিশ্বত৷ সেই ক্ষতস্থান এতিয়াও সম্পূৰ্ণ মেৰামত হোৱা নাই৷ ২০২০ চনৰ পৰা ২০২৫, অৰ্থাৎ ৪ বছৰ সম্পূৰ্ণ হৈছে এই মহামাৰীৰ৷ কিন্তু আজি কভিড মহামাৰীৰ প্ৰভাৱ সম্পূৰ্ণ শেষ হোৱা নাই৷ ইয়াৰ মাজতেই আকৌ মহামাৰীক লৈ অশনি সংকেত দিছে বিশ্ব স্বাস্থ্য সংস্থা WHOই৷
WHOৰ প্ৰধান টেড্ৰচ এডানম গেব্ৰিয়েছাচে জনাইছে যে আৰু এটা মহামাৰী আহিবই, এয়া অনিবাৰ্য৷ যিকোনো সময়ত আহিব পাৰে এই মহামাৰী৷ WHOৰ প্ৰধান টে়ড্ৰছ এডানম গেব্ৰিয়েচাছে জনাইছে যে পৰবৰ্তী মহামাৰী দুই এদিনতো আহিব পাৰে ২০ বছৰৰ পাছতো আহিব পাৰে৷ কিন্তু আহিব যে সেয়া নিশ্চিত৷ পৰবৰ্তী মহামাৰী পৰিস্থিতি শান্ত হোৱাৰ অপেক্ষা কৰিবলৈ মানুহৰ সংখ্যাও আকৌ কমি যাব৷ WHO প্ৰধানৰ এই মন্তব্যৰ পাছতেই বিশ্বজুৰি সৃষ্টি হৈছে আলোড়নৰ৷
বৈঠকত WHO প্ৰধানে কয়, ‘পৰবৰ্তী মহামাৰীৰ এক তাত্ত্বিক সম্ভাৱনা নহয় বৈজ্ঞানিক দৃষ্টিভংগীৰে এই তথ্য দিয়া হৈছে৷ দেশসমূহে অবিলম্বে এই আসন্ন চেলেঞ্জ মোকাবিলাৰ বাবে প্ৰস্তুত হৈ থাকক৷’ WHO প্ৰধানে লগতে কয়, ‘আপোনালোকে দেখিছে কভিড-১৯ মহামাৰীয়ে কি কৰিছে৷ অফিচিয়েল তথ্য অনুসৰি ৭ মিলিয়ন মানুহৰ মৃত্যু হৈছে৷ কিন্তু আমি অনুমান কৰো এই হিচাপ প্ৰকৃততে ২০ মিলিয়নতকৈ কম নহয়৷ মানৱিক ক্ষতিৰ ওপৰিও বিশ্ব অৰ্থনীতিৰ ক্ষতি হৈছে ১০ ট্ৰিলিয়ন ডলাৰ৷’ তেওঁৰ মত যে পৰবৰ্তী মহামাৰী অহাৰ পূৰ্বে এক মহামাৰী চুক্তিৰ প্ৰয়োজন৷ এই ধৰণৰ চুক্তিয়ে বিশ্বব্যাপী চৰকাৰসমূহক মহামাৰীৰ বাবে প্ৰস্তুতি আৰু মোকাবিলাৰ বাবে এজনে আনজনক সহায় সহযোগিতা কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ কৰিব৷ এই চুক্তিৰ মাধ্যমেৰে জাতীয় সাৰ্বভৌমত্বক সন্মান কৰি, অৰ্থনৈতিক অৱস্থা নিৰ্বিশেষে সকলো জাতিৰ বাবে সুযোগ সুবিধা নিশ্চিত কৰা উচিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ