কৰ্ণাটকত কংগ্ৰেছে আৰএছএছৰ খাকী কাপোৰ জ্বলাই প্ৰতিবাদ কৰাৰ পিছতে আৰএছএছ-এ এক অভিনৱ প্ৰতি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে৷ যিয়ে ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হৈছে৷
উল্লেখ্য যে আৰএছএছ ছুটি খাকী পোছাক জ্বলাই কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মীসকলে গাঁৱে ভূঞে গৈ খাকী পোছাক বিশেষকৈ খাকী পেণ্ট সংগ্ৰহ কৰি বেংগালুৰুস্থিত কংগ্ৰেছ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে৷
ছুটি খাকী পোছাকবোৰ কংগ্ৰেছৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰি আৰএছএছ সূত্ৰই প্ৰকাশ কৰিছে যে তেওঁলোকে বিৰোধী তথা কংগ্ৰেছ নেতা সিদ্দাৰামৈয়াক এই পোছাকসমূহ জ্বলাই ভস্মীভূত কৰিবলৈ প্ৰেৰণ কৰিছে৷
লগতে পঢ়ক প্ৰাক্তন পত্নীৰে ট্ৰাইলত বিজয়ী, ভাৰতীয় ৰেষ্টুৰেণ্টত ৪৮ লাখ টকাৰ বিজয় উৎসৱ!
আৰএছএছৰ সূত্ৰৰ মতে সিদ্দাৰামৈয়ালৈ আৰু পোছাক প্ৰেৰণ কৰিবলৈ তেওঁলোকৰ কাৰ্যকৰ্যতাসকলে ছুটি খাকী পোছাক সংগ্ৰহ কৰি আছে আৰু এই অভিযানক তেওঁলোকে ‘সাদ্দি’ নাম দিছে৷
আৰএছএছৰ সদস্যসকলে ‘সাদ্দি’ অভিযানৰ দ্বাৰা কৰ্ণাটকৰ সমগ্ৰ গাঁওসমূহত প্ৰতি প্ৰতিবাদ স্বৰূপে ছুটি খাকী পোছাক সংগ্ৰহ কৰি কাৰ্টুনে কাৰ্টুনে কংগ্ৰেথছ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব৷ আৰু কংগ্ৰেছে কিমান খাকী পোছাক জ্বলাই প্ৰতিবাদ কৰিব পাৰে তেওঁলোকে সেয়া চাব খোজে! আৰএছএছ-এ কংগ্ৰেছ নেতা সিদ্দাৰামৈয়ালৈ প্ৰেৰণ কৰা এই বিপুল পৰিমাণৰ খাকী পোছাক জ্বলাই শেষ কৰিব নোৱাৰে বুলিও প্ৰত্যাহ্বান জনাইছে৷
লগতে পঢ়ক নোটৰ পৰা মহাত্মা গান্ধীৰ ছবি সঁচাই আঁতৰিব নেকি? কি ক’লে আৰ বি আই-এ?
ইফালে প্ৰথমাৱস্থাত কংগ্ৰেছ কাৰ্যালয়লৈ প্ৰেৰণ কৰা খাকী পোছাকসমূহ কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআই-এ জ্বলাবলৈ আৰম্ভ কৰিছে৷ যাৰফলত ৰাজ্যখনত পৰিস্থিতিয়ে উত্তপ্ত হোৱা পৰিলক্ষিত হৈছে৷
উল্লেখ্য যে এন এছ ইউ আইৰ কৰ্মীসকলে শিক্ষামন্ত্ৰীয়ে বিচি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যক্ৰমৰ পুনৰীক্ষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। শাসকীয় বিজেপিয়ে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি ঘটনাৰ সন্দৰ্ভত ১৫ গৰাকী কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰে।
ইয়াৰ পিছতে কৰ্ণাটকৰ শাসকীয় বিজেপি চৰকাৰে আৰএছএছ নীতি আৰু নিৰ্দেশনাৰ মতে কাম কৰি থকাৰ অভিযোগ তুলি কংগ্ৰেছৰ ৰাজ্যিক ইউনিটে খাকী পোছাক জ্বলাবলৈ আৰম্ভ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ