বাংলাদেশ নহয়, এইবাৰ সোণাপুৰত ‘আল্লাহু আকবৰ’ শ্লোগান অবৈধ বেদখলকাৰীৰ, উত্তপ্ত পৰিস্থিতি
বাংলাদেশৰ দৰেই একেই আৰ্হি প্ৰতিবাদকাৰীৰ, সোণাপুৰত ‘আল্লাহু আকবৰ’ শ্লোগান অবৈধ বেদখলকাৰীৰ। সকলোৱে সমস্বৰে চিঞৰিছে আল্লাহু আকবৰ। সোণাপুৰতেই এই অৱস্থা অন্য ট্ৰাইবেল বেল্টত কি হব পৰিস্থিতি, ভৱিষ্যতে থাকিব নেকি কেৱল মিঞা সকল, নে ভোট বেংকৰ খেল সকলো। আল্লাহু আকবৰ দিয়া সকলো প্ৰতিবাদকাৰীৰ হাতে হাতে প্ৰকাণ্ড লাঠি-জোং, খেদি আহিছে আৰক্ষীক।
হুবহু বাংলাদেশৰ পৰিস্থিতি, বাংলাদেশত সংঘটিত হোৱাৰ দৰেই সোণাপুৰতো একেই পৰিস্থিতি। সন্দেহজনক লোকেৰে ভৰি পৰা সোণাপুৰত আক্ৰমণাত্মক ৰূপেৰে খেদি আহিছে অসম আৰক্ষীৰ লোকক। ভৱাতকৈ অধিক লোক আছে সোণাপুৰত। প্ৰতিবাদতহে পোহৰলৈ আহিছে সোণাপুৰত অবৈধ ভাৱে বসবাস কৰি থকা লোকৰ সংখ্যা ভৱাতকৈ দুই তিনিগুণ অধিক।
আল্লাহু আকবৰ ধ্বনি দি খেদি আহিছে অসম আৰক্ষীৰ লোকক। বাংলাদেশৰ দৰেই একেই আৰ্হি সোণাপুৰৰ প্ৰতিবাদকাৰীৰ। ডেকাৰ পৰা বুঢ়ালৈ, পুৰুষৰ পৰা মহিলালৈ সকলো ওলাই আহিছে আৰক্ষীক বাধা দিবলৈ। কালিৰে পৰা উত্তেজিত হৈ আছে সোণাপুৰ।
সোণাপুৰৰ কচুতলীত কালিৰে পৰা উত্তেজিত হৈ আছে অবৈধ বেদখলকাৰী লোক। বেদখলকাৰীক উৎখাত কৰাৰ বাবে আৰক্ষী আৰু প্ৰশাসনৰ লোকে বিগত ৫ টা দিন ধৰি উচ্ছেদ অভিযান চলাই আছিল। কিন্তু কালি পঞ্চম দিনটোত হঠাতে আৰক্ষীক বাধা দিবৰ বাবে হাতে হাতে লাঠি লৈ ওলাই আহে শ শ লোক।
যাৰ ফলত প্ৰতিবাদকাৰীক বাধা দিবৰ বাবে আৰু নিজক ৰক্ষা কৰিবৰ বাবে বাধ্য হৈ আৰক্ষীয়ে শূণ্যলৈ গুলি চলাবলৈ বাধ্য হয়। যাৰ ফলত ১৩ গৰাকী প্ৰতিবাদকাৰী আহত হয়, ইয়াৰে ২জনৰ মৃত্যু হয়। আনহাতে ২২ গৰাকীকৈ আৰক্ষী আৰু সোণাপুৰৰ চক্ৰ বিষয়া আহত হয়, কেইবাগৰাকী গুৰুতৰভাৱে আহত।
উল্লেখ্য যে, প্ৰথম তিনিদিন শান্তিপূৰ্ণভাৱে উচ্ছেদ চলা বাবে কালিৰ দিনটোত বিশাল বাহিনী লৈ প্ৰৱেশ কৰা নাছিল প্ৰশাসনৰ লোক। যাৰ সুবিধা লয় অবৈধ বেদখলকাৰীয়ে।
কালিৰ সেই ঘটনাৰ পাছত আজি পুনৰ উত্তপ্ত পৰিস্থিতি সোণাপুৰৰ কচুতলিত। কচুতলিৰ পথাৰত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ সংখ্যক অস্ত্ৰ-সস্ত্ৰ। উদ্ধাৰ হৈছে কেইবাখনো দা, লোহাৰ ৰ’ড, লাঠি আদি।
উদ্ধাৰ হৈছে শিলাবৰ্ষণৰ বাবে সাজু কৰি ৰখা প্ৰকাণ্ড শিলগুটিৰ ভাণ্ডাৰ। কাপোৰেৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ শিল। লগতে উদ্ধাৰ আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰা দুস্কৃতিকাৰীৰ এখন বাইক।
মথাউৰিৰ পাৰৰ ঘন জংঘলত উদ্ধাৰ কৰা হৈছে পৰিত্যক্ত বাহনখন। বাহনখনৰ নম্বৰ ৰেজিষ্ট্ৰেচন নং AS01FF3522, বাহন খনত লাগি আছিল তেজৰ চেকুৰা। আৰক্ষীৰ সন্দেহ সেই বাইকখনেৰেই পলায়নৰ চেষ্টা কৰিছিল প্ৰতিবাদকাৰী। পলাতক দুস্কৃতিকাৰীক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ