দ্য কাশ্মীৰ ফাইলছেৰে দেশৰ চৰ্চাত থকা বিবেক অগ্নীহোত্ৰীৰ বিৰুদ্ধে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে৷ বলিউদৰে এগৰাকী অভিনেত্ৰীয়ে অভিযোগ কৰিছে যে বিবেক অগ্নহোত্ৰীয়ে অভিনেত্ৰীগৰাকীক কাপোৰ খুলিবলৈ নিৰ্দেশ দিছিল৷
MeTooৰ এই গুৰুতৰ অভিযোগ উত্থাপন কৰা বলিউদৰ অভিনেত্ৰীগৰাকী হৈছে তনুশ্ৰী দত্ত৷ অভিনেত্ৰীগৰাকীৰ মতে এই ঘটনাটো চকলেট নামৰ বিবেক অগ্নীহোত্ৰীৰ ছবিখনৰ শ্বুটিঙৰ সময়ত ঘটিছিল৷ ছবিখন ২০০৫ চনত মুক্তিলাভ কৰিছিল৷
তনুশ্ৰী দত্তৰ অভিযোগ অনুসৰি ছবিখনৰ শ্বুটিঙৰ সময়ত ইৰফান খানৰ এটা ক্ল’জআপ শ্বট আছিল৷ সেই সময়ত পৰিচালক বিবেক অগ্নীহোত্ৰীয়ে তনুশ্ৰীক ইৰফান খানৰ সন্মুখত কাপোৰ খুলি নৃত্য কৰিবলৈ নিৰ্দেশ দিছিল৷
লগতে পঢ়ক চাই থকাৰ বাহিৰে ইউক্ৰেইন সেনাৰ হাতত কৰিব পৰা একোৱেই নাছিল। প্ৰথমবাৰ ৰাছিয়াই ব্যৱহাৰ কৰিলে এই অস্ত্ৰ
তনুশ্ৰীৰ মতে সেই দৃশ্যটোত তনুশ্ৰীৰ কোনো শ্বট নাছিল৷ অথচ পৰিচালক বিবেকে তনুশ্ৰীক কাপোৰ খুলি নৃত্য কৰিবলৈ নিৰ্দেশ দিছিল৷
অভিনেতা ইৰফান খান আৰু সুনীল ছেত্ৰীয়ে বিবেক অগ্নিহোত্ৰীক সেই নিৰ্দেশ বিৰোধিতা কৰি তনুশ্ৰীক সুৰক্ষা দিয়া বুলিও অভিনেত্ৰী তনুশ্ৰী দত্তই প্ৰকাশ কৰিছে৷
লগতে পঢ়ক হোলীৰ ভয়াৱহ উদযাপন! নিজৰ বুকুতে ছুৰিকাঘাত কৰি সুৰাপায়ী যুৱকৰ মৃত্যু
‘‘এজন অভিনেতাৰ (ইৰফান খান) ক্ল’জআপ শ্বট আছিল। মোৰ তেতিয়া শ্বটও নাছিল। তেওঁ ক’লে, আপোনাৰ কাপোৰ খুলি তেওঁৰ সন্মুখত নাচিব। তাক এটা ইংগিত দিয়ক।’’ ইয়াৰ উত্তৰত ইৰফানে কৈছিল, ‘‘মই অভিনয় জানো আৰু ভংগীৰ প্ৰয়োজন নাই।’’ লগতে তাতে উপস্থিত থকা সুনীল চেট্টীও কৈছিল ‘‘মই তোমাক(ইৰফান) ইংগিত দিম।’’ ডিএনএ-ক তনুশ্ৰী দত্তই এইদৰে কয় ৷
ইফালে পৰিচালক বিবেক অগ্নীহোত্ৰীয়ে এই অভিযোগ মনেগঢ়়া বুলি দাবী কৰিছে৷ পৰিচালকগৰাকীয়ে তনুশ্ৰী দত্তৰ বিৰুদ্ধে মানহানি গোচৰ তৰা বুলিও প্ৰকাশ কৰিছে৷ ইতিমধ্যে অভিনেত্ৰীগকাৰীৰ আইনী জাননি প্ৰেৰণ কৰাও হৈছে৷
লগতে পঢ়ক শিশুৱে যৌন উৎপীড়নৰ বলি হোৱা বুলি কেনেকৈ বুজিব? এইবোৰ দিশত গুৰুত্ব দিয়ক…
উল্লেখ্য যে তনুশ্ৰী দত্তই ইয়াৰ পূৰ্বে অভিনেতা নানা পাটেকাৰৰ বিৰুদ্ধে MeTooৰ অভিযোগ উত্থাপন কৰিছিল৷ এখন ছবিৰ শ্বুটিঙৰ সময়ত অভিনেতা নানা পাটেকাৰে তেওঁক যৌন নিৰ্যাতনৰ অভিযোগ কৰা বুলি কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ