পশ্চিমবংগৰ এগৰাকী ২২ বছৰীয়া সাহসী যুৱতীয়ে দেশৰ সংবাদ মাধ্যমত চৰ্চা লাভ কৰাৰ লগতে অন্য হাজাৰ হাজাৰ ভুক্তভোগী যুৱতীৰ বাবে অনুপ্ৰেৰণাৰ উৎস৷ মাত্ৰ ১৫ বছৰ বয়সতে তিনিবাৰকৈ নাৰী সৰবৰাহকাৰীয়ে বিক্ৰী আৰু বহু পুৰুষৰ ধৰ্ষণৰ বলি হোৱাৰ পিছতো দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ কলেজত স্নাতক মহলাত অধ্যয়নৰ বাবে প্ৰস্তুতি চলাইছে৷ এই সাহসী যুৱতী তথা ছাত্ৰীগৰাকীৰ সেয়ে বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ উঠিছে৷
পশ্চিমবংগৰ অপৰাধ অনুন্ধান বিভাগৰ এজন বিষয়াই সংবাদ সংস্থা পিটিআইক জনোৱা অনুসৰি যুৱতীগৰাকীয়ে কিশোৰী অৱস্থাতে চাৰিটা মাহত মানৱ সৰবৰাহকাৰীয়ে তিনি ঠাইত তিনিবাৰকৈ বিক্ৰী কৰিছিল৷ সেই সময়ছোৱাত যুৱতীগৰাকীক কে’বাজনো পুৰুষে ধৰ্ষণো কৰিছিল৷ ইমানেই নহয় কিশোৰীগৰাকীতকৈ ৩০ বছৰ এজন বয়োজ্যেষ্ঠ পুৰুষৰ সৈতে বলপূৰ্বকভাৱে বিয়াও দিয়া হৈছিল৷
আজিৰ পৰা ৭ টা বছৰৰ পূৰ্বে অৰ্থাৎ মাত্ৰ ১৫ বছৰৰ বয়সতে কিশোৰী অৱস্থাতে তেওঁ মানৱ সৰবৰাহকাৰীৰ পাকচক্ৰত পৰিছিল৷ ৭ বছৰৰ পূৰ্বে কিশোৰীগৰাকীৰ চ’ছিয়েল মিডিয়াৰ যোগে এজন ব্যক্তিৰ সৈতে পৰিচয় ঘটিছিল আৰু তেতিয়াৰ পৰাই আৰম্ভ হয় জীৱনৰ নৰক যাত্ৰাৰ৷
লগতে পঢ়ক ভৰি ফুলা আৰু বৃক্কৰ ৰোগৰ সম্পৰ্ক…
সেই ৰাহুল নামৰ লোকজনে প্ৰেমৰ চালনাৰে কিশোৰীগৰাকীক এদিন স্কুললৈ যোৱাৰ পথৰ পৰাই পলুৱাই নিয়ে৷ ৰাজ্যৰ চি আই ডিৰ মানৱ সৰবৰাহ বিৰোধী ইউনিটৰ এগৰাকী বিষয়াই জনোৱা মতে, ২০১৫ চনৰ ৭ জানুৱাৰীত কলকাতাৰ চাইন্স চিটি দেখুওৱাবলৈ নি উভতি অহাৰ প্ৰতিশ্ৰুতি দি বাছত অকলে এৰি থৈ গৈছিল৷
কিন্তু পিছত কিশোৰীগৰাকীয়ে বুজি পালে ৰাহুলে তাইক ১.৫ লাখ টকাত আন এজন লোকৰ হাতত বিক্ৰী কৰিছে। ৰাহুলৰ বন্ধু বুলি দাবী কৰা লোকজনে পিছত তেওঁক ৰে’লযোগে বিহাৰলৈ লৈ যায় আৰু কমল নামৰ আন এজন ব্যক্তিক বিক্ৰী কৰে আৰু তেওঁ উত্তৰ প্ৰদেশৰ বিজনোৰৰ চিত্ৰা নামৰ এগৰাকী মহিলাৰ ওচৰলৈ লৈ যায়৷
বিষয়াগৰাকীয়ে জনোৱা মতে, ভুক্তভোগীগৰাকীক ক্ৰয় কৰা তৃতীয়জন ব্যক্তি চিত্ৰাই বলপূৰ্বকভাৱে ৪৫ বছৰীয়া ককায়েকৰ লগত বিয়া কৰাই দিছিল। ইয়াৰ পিছতে চিত্ৰাৰ পুত্ৰই কিশোৰীগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰে। ইফালে চিত্ৰাৰ মোবাইলৰ পৰাই কিশোৰীগৰাকীয়ে মাতৃলৈ ফোন কৰাৰ সুযোগ পাই আৰু কিশোৰীগৰাকীৰ মাতৃয়ে আৰক্ষীৰ কাষ চপাৰ পাছতে এইদৰেই অনুসন্ধান আৰম্ভ কৰে৷
লগতে পঢ়ক এক প্ৰেমিকাৰ দুই প্ৰেমিকৰ মাজত যুঁজ! বিশ্ববিদ্যালয়ৰ চৌহদতে এজনক বেলচাৰে আক্ৰমণ
এইদৰে ক্লু লাভ কৰাৰ পিছতে পশ্চিমবংগ আৰক্ষীয়ে অভিযান চলাই বিহাৰৰ পৰা ভুৱা প্ৰেমিক ৰাহুলক গ্ৰেপ্তাৰ কৰে। চি আই ডি বিষয়াগৰাকীয়ে জনোৱা মতে, চিত্ৰাই শংকিত হৈ কমল নামৰ লোকজনক কিশোৰীগৰাকীক পুনৰ পলুৱাই নিবলৈ দিয়ে। ইয়াৰ পিছত কমল আৰু তেওঁৰ সহযোগী ভীষ্মই কিশোৰীগৰাকীক উত্তৰাখণ্ডৰ কাশীপুৰলৈ লৈ যায়।
বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে কমল আৰু ভীষ্মই যেতিয়া চিত্ৰা আৰু লুভক গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভ কৰে তেতিয়া তেওঁলোকে ক্ষোভত কিশোৰীগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰি কাশীপুৰ জংচন ৰে’লৱে ষ্টেচনত এৰি থৈ পলায়ন কৰে।
ইয়াৰ পাছতে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ৰে’লৱে ষ্টেচনৰ এটা চুকত কিশোৰীগৰাকীক উদ্ধাৰ কৰে। কিশোৰীগৰাকীক পশ্চিমবংগলৈ উভতাই আনিলেও কিশোৰীগৰাকী মানসিকভাৱে ভাগি পৰিছিল যাৰ বাবে প্ৰায় এমাহলৈকে কাৰো সৈতে কথা পাতিব নাছিল৷ কিশোৰীগৰাকীক মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ নি কেইবাবাৰো কাউন্সেলিং কৰাৰ পিছতহে সমগ্ৰ ঘটনা আৰক্ষীৰ আগত বিৱৰি কৈছিল৷
লগতে পঢ়ক খালী ভৰিৰে কিতাপ বিক্ৰীৰ চাকৰি, অতি লোভনীয় দৰমহা! আপুনিও আগ্ৰহী নেকি?
ইয়াৰ পিছতে আৰক্ষীয়ে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইনৰ অধীনত গোচৰৰ তৰি সকলো অভিযুক্তকে গ্ৰেপ্তাৰ কৰে৷ উত্তৰ ২৪ পৰগনা জিলাৰ আদালতে শেহতীয়াকৈ এগৰাকী মহিলাসহ গোচৰটোত জড়িত চাৰিজনক ২০ বছৰ আৰু আন দুজনক ১০ বছৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।
এইদৰে তিনিবাৰকৈ মানৱ সৰবৰাহকাৰীৰ দ্বাৰা বিক্ৰী হোৱা আৰু কে’বাজনো পুৰুষৰ কামনাৰ বলি হোৱাৰ পিছতো কিশোৰীগৰাকীয়ে পিতৃ-মাতৃৰ সহযোগত পুনৰ শিক্ষা জীৱন আৰম্ভ কৰে৷ এতিয়া সেই কিশোৰীগৰাকীয়েই ২২ বছৰত ভৰি দিছে আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কলেজত স্নাতক মহলাৰ অধ্যয়নৰ বাবে প্ৰস্তুতি চলাইছে৷ এইদৰেই তেওঁ এতিয়া তেনে ঘটনাৰ ভুক্তভোগী দেশৰ হাজাৰ হাজাৰ কিশোৰী আৰু যুৱতীৰ বাবে প্ৰেৰণা উৎস হৈ পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ