অসম লাইভ ২৪ঃ অসমবাসীৰ বাবে ভাল খবৰ। অসমলৈ আহি আছে ‘বালা’ তথা বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানা। বলীউডৰ পৰিচালক অনুভৱ সিনহা তেওঁৰ নতুন ছবি ‘অনেক’ৰ শ্বুটিঙৰ বাবে মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰিপূৰ অসমত উপস্থিত হ’বহি অনুভৱ সিনহা। ‘আৰ্টিকল ফিফটিন’ৰ জনপ্ৰিয়তাৰ পাছতে ‘অনেক’ৰ শ্বুটিঙৰ বাবে সাজু হৈছে পৰিচালক অনুভৱ সিনহা।
উল্লেখ্য যে ‘অনেক’ৰ ভূমিকাত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে বলীউডৰ জনপ্ৰিয় ভিকি ড’নাৰ আয়ুষ্মান খুৰানা। ভিকি ড’নাৰ গুলবো চিতাৰ, আটিকল ফিফটিন, শুভ মংগল চাবধান আদি ছবিয়ে দৰ্শকক আপ্লুত কৰা আয়ুষ্মান খুৰানাই ইতিমধ্যে চণ্ডীগড়ৰ পৰা মুম্বাইলৈ আহিছে। পৰিচালক অনুভৱ সিনহাৰ ছবিত দ্বিতীয়বাৰলৈ কাম কৰিছে আয়ুষ্মান খুৰানাই। হিমাচল প্ৰদেশৰ সু-সন্তান আয়ুষ্মান খুৰানাই মায়ানগৰী মুম্বাইত অভিনয় জগতত খোপনি পুতিবলৈ সক্ষম হৈছে। জানিব পৰা মতে ‘অনেক’ নামৰ ছবিখন সম্পূৰ্ণ ৰাজনৈতিক পটভূমিত নিৰ্মাণ হ’ব। ছবিখনৰ শ্বুটিং পৰ্ব ইতিমধ্যে ৩ জানুৱাৰীত আৰম্ভ হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ