অসম লাইভ ২৪ঃ হুণ্ডাই গাড়ীৰ এটা চকচকীয়া শ্ব’ৰূম। আৰু সেই শ্ব’ৰূমৰ বাহিৰত বহি থাকে সি। যেন পহৰা দি থাকে শ্ব’ৰূমটোৰ। বহুবাৰ তাক খেদাব চেষ্টা কৰা হৈছে, কিন্তু সি নিজৰ ঠাইৰ পৰা আঁতৰ নহয়। ইয়াৰ পাছতে শ্ব’ৰূম কর্তৃপক্ষই এক অভূতপূর্ব সিদ্ধান্ত লয়। চাকৰিৰ ব্যৱস্থা কৰা হ’ল এটা পদপথৰ কুকুৰৰ। আৰু তাৰ বাবে তৈয়াৰ কৰা হ’ল পৰিচয় পত্ৰও। এই অদ্ভূত ঘটনাটো হ’ল ব্ৰাজিলৰ। ব্ৰাজিলৰ হুণ্ডাই শ্ব’ৰূমৰ সন্মুখত বহি থকা কুকুৰটোৰ নাম ‘টাচকন প্ৰাইম’। শ্ব’ৰূমৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা ‘টাস্কন’ৰ চাকৰিৰ কথা জনাইছে কর্তৃপক্ষই। তাৰ লগে লগে শ্বেয়াৰ কৰা হৈছে কুকুৰটোৰ ফটো আৰু পৰিচয় পত্ৰ, পৰিচয় পত্ৰ ডিঙিত পিন্ধা অৱস্থাত ‘টাস্কন’ৰ ফটো। লিখা হৈছে হুণ্ডাই পৰিয়াললৈ নতুন সদস্যক স্বাগতম। কেৱল সেয়াই নহয়, শ্ব’ৰূমটোত কুকুৰটো থকাৰ বাবে এটা কাঠৰ কেবিন নির্মাণ কৰি দিয়া হৈছে আৰু তাতে বহি ‘টাস্কনে’ তাৰ কার্য সম্পাদন কৰে। মুহূর্ততে ব্ৰাজিলৰ এই খবৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ঘটনাটো শ্বেয়াৰ কৰা অভিনেত্ৰী স্বস্তিকা মুখপাধ্যায়েও। স্বস্তিকাই শ্বেয়াৰ কৰি লিখিলে বহুদিনৰ মূৰত ব্ৰাজিলত দেখিবলৈ পোৱা গ’ল মানৱতাৰ এক সুন্দৰ নিদর্শন। মোৰ হৃদয় জয় কৰিলে এই ঘটনাটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ