প্ৰেমিকে প্ৰেমিকাৰ কিশোৰী কন্যাক ধৰ্ষণ কৰাৰ দৰে এক জঘন্য কাণ্ডৰ পোহৰলৈ আহিছে৷ প্ৰকাশিত খবৰ মতে মধ্য প্ৰদেশৰ ভূপালৰ মিছৰোড লোকেলিটিত এগৰাকী ১৬ বছৰীয়া কিশোৰীক মাতৃৰ লিভ-ইন পাৰ্টনাৰে ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে৷
প্ৰেমিকাৰ কিশোৰী কন্যাগৰাকীৰ গৰ্ভৱতী হোৱাটো নিশ্চিত হোৱাৰ পিছতে সমগ্ৰ ঘটনাক্ৰম পোহৰলৈ আহিছে৷ ইয়াৰ পিছতে শুকুৰবাৰে মিছৰোড আৰক্ষীয়ে ধৰ্ষণৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইন আৰু POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে৷
মিছৰোড আৰক্ষী থানাৰ আৰক্ষী বিষয়া আৰ বি শৰ্মাই জনোৱা মতে, ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়াল বিহাৰৰ আৰু দেউতাকৰ মৃত্যু হোৱাৰ পিছতে মাতৃ, কণিষ্ঠ ভগ্নীৰ সৈতে মধ্যপ্ৰদেশত বাস কৰি আহিছে।
লগতে পঢ়ক সুশান্তক ড্ৰাগছ দিছিল প্ৰেমিকা ৰিয়াই! কেতিয়া ৰচনা হৈছিল বৃহৎ ষড়যন্ত্ৰ?
আৰক্ষী বিষয়া শৰ্মাই জানিবলৈ দিয়া মতে ৩০ বছৰীয়া অভিযুক্তগৰাকী যুৱতীগৰাকীৰ চুবুৰীয়া হিচাপে বাস কৰে আৰু পিছত মাতৃৰ সৈতে লাইভ-ইন সম্পৰ্কত আছিল। যোৱা মাৰ্চ মাহত ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে কণিষ্ঠ কন্যাৰ সৈতে গাঁৱলৈ গৈছিল। ইয়াৰ সুযোগ গ্ৰহণ কৰি অকলশৰীয়া কিশোৰীগৰাকীক মাতৃৰ প্ৰেমিকে ধৰ্ষণ কৰে। ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ পিছতে অভিযুক্তই কিশোৰীজনীক ধৰ্ষণৰ কথা ৰাজহুৱা কৰিলে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে৷
শেহতীয়াকৈ যেতিয়া ভুক্তভোগী কিশোৰীগৰাকীয়ে পেটৰ বিষৰ আক্ৰান্ত হয়৷ মাতৃয়ে কিশোৰীগৰাকীক চিকিৎসালয়লৈ নিয়াৰ পিছতে গৰ্ভৱতী বুলি ধৰা পৰে।
ভুক্তভোগীগৰাকী নাবালিকা হোৱাৰ বাবে চিকিৎসকে মিছৰোড আৰক্ষীক ঘটনাটো অৱগত কৰে। কাউন্সেলিঙৰ সময়ত কিশোৰীগৰাকীয়ে সমস্ত ধৰ্ষণৰ সমস্ত ঘটনা ক্ৰম বিৱৰি কয়। ইয়াৰ পিছতে অভিযুক্তৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ