মাত্ৰ এবাৰ কল্পনা কৰকচোন, আপোনাক ১০০ টকা লাগে আৰু আপুনি টকা উলিয়াবলৈ গৈ এটিএম মেচিনত উপস্থিত হ’ল। মেচিনত তথ্য ইনপুট কৰাৰ পিছত আপুনি পাঁচগুণ অৰ্থাৎ ৫০০ পালে। তেতিয়া বাৰু কেনে লাগিব? নিশ্চয় আপুনি আনন্দতে নাচি উঠিব!
ঠিক এনে এক ঘটনাই ঘটিল এটা এটিএমত৷ মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাৰ এটা এটিএমটো এজন ব্যক্তিৰ লগত এনে ঘটনাই ঘটিল। আৰু এই ঘটনাৰ খবৰ বিয়পি পৰাৰ পিছতে এটিএমৰ পৰা টকা উলিওৱা মানুহ প্ৰতিযোগিতা আৰম্ভ হয়।
ঘটনাৰ বিৱৰণীৰ মতে নাগপুৰ জিলাত এজন লোকে এটিএমৰ পৰা ৫০০ টকা উলিয়াবলৈ চেষ্টা কৰে৷ তেওঁ ৫০০ টকা উলিওৱাবলৈ মেচিনত সকলো ইনপুট কৰাৰ পিছতে মেচিনটোৰ পৰা উলাই আহিল পাঁচখনকৈ খমখমীয়া ৫০০ টকীয়া নোট৷ অৰ্থাৎ ২৫০০ টকা৷ তাৰ পিছতে লোকজনে আৰু এবাৰ ৫০০ টকা উলিওৱাবলৈ চেষ্টা কৰি সেইবাৰো ২৫০০ টকা লাভ কৰে৷
লগতে পঢ়ক কোভিড১৯ত নহয়, অচিন মহামাৰীত বিধ্বস্ত কিম জঙৰ দেশ উত্তৰ কোৰিয়া!
এই কথা বিয়পি পৰাৰ লগে লগে মানুহৰ মাজত এটিএমৰ পৰা ধন উলিওৱাৰ প্ৰতিযোগিতা আৰম্ভ হয়।
এই ঘটনাটো নাগপুৰ চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত খাপাৰখেড়া চহৰৰ এটা ব্যক্তিগত বেংকৰ এটিএমত বুধবাৰে সংঘটিত হয়। ক্ষণিকতে সৰু চহৰখনত খবৰটো বনজুইৰ দৰে বিয়পি পৰাত নগদ ধন উলিওৱাৰ বাবে এটিএমটোৰ বাহিৰত সমবেত হয় এক বিশাল জনসমাগম। পিছত সেই সমাগম স্থানীয় আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয়৷
লগতে পঢ়ক ব্যক্তিত্ব পৰীক্ষা: আপোনাৰ নাকৰ আকৃতিয়ে ব্যক্তিত্বৰ কি কি বৈশিষ্ট্য উন্মোচন কৰে?
খাপৰখেড়া থানাৰ এজন বিষয়াই জনোৱা মতে, বেংকৰ এজন গ্ৰাহকে স্থানীয় আৰক্ষীক খবৰ দিয়ে আৰু সেই স্থানত আৰক্ষীয়ে উপস্থিত হৈ এটিএমটো বন্ধ কৰি বেংকক ঘটনাটোৰ বিষয়ে অৱগত কৰে।
তেওঁ আৰু কয় যে এটা কাৰিকৰী বিঘিনিৰ বাবে এটিএমৰ পৰা অতিৰিক্ত নগদ ধন উলাইছিল। বিষয়াগৰাকীয়ে জনোৱা মতে, ভুলতে ১০০ টকা থকা এটিএমৰ ট্ৰেত ৫০০ টকাৰ নোট ৰখা হৈছিল। এই সন্দৰ্ভত এতিয়ালৈকে কোনো গোচৰ ৰুজু হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ