বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি এলান মাস্কে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ইউক্ৰেইনৰ সৈতে সমুখ সমৰত অকলে যুঁজ দিবলৈ প্ৰত্যাহ্বান জনাইছে।
নিজৰ টুইটাৰ হেণ্ডলত টুইট কৰি মাস্কে কয়ে ‘‘মই ইয়াৰ দ্বাৰা ভ্লাদিমিৰ পুটিনক অকলে যুঁজিবলৈ প্ৰত্যাহ্বান জনাইছো,’’
এটা ফ’লো-আপ টুইটত এলান মাস্কে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক উদ্দেশ্য কৰি ‘‘আপুনি এই যুঁজৰ বাবে সন্মত নে?’’ বুলিও প্ৰশ্ন কৰিছে৷
লগতে পঢ়ক ‘বাঘৰ নেগুৰেৰে কাণ খজুৱাই’ কাণত ধৰি উঠা বহা কৰিবলৈ বাধ্য হ’ল বিশ্ববিদ্যালয়ৰ ছাত্ৰী
ইফালে এজন টুইটাৰ ব্যৱহাকাৰীক প্ৰত্যুত্তৰ দি মাস্কে কয় ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে যিকোনো যুঁজ সহজে জিকিব নোৱাৰে।
উল্লেখ্য যে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ সন্দৰ্ভত নিজৰ টুইটাৰ আৰু তেওঁৰ কোম্পানীৰ টুইটৰ জৰিয়তে মাস্কে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে।
তেওঁ ছ’চিয়েল মিডিয়াত ৰাছিয়াৰ বিষয়াসকলক উপহাস কৰাৰ লগতে ইউক্ৰেইনক ষ্টাৰলিংক মহাকাশ ইণ্টাৰনেট সঁজুলি প্ৰদান কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ