অৱশেষত জামিন লাভ কৰিলে কাৰাৰুদ্ধ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে৷ বৃস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰাৰুদ্ধ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন আবেদন মঞ্জুৰ কৰে৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন মঞ্জুৰ কৰাৰ পিছতে প্ৰায় দুমাহ ধৰি কাৰাৰুদ্ধ হৈ থকা ছাত্ৰী বৰ্ষাশ্ৰীয়ে মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হৈছে৷
উল্লেখ্য যে ফেচবুকৰ টেগলাইনৰ বাবে মেধাৱী ছাত্ৰীগৰাকীক যোৱা ১৮ মে’ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পোতাশাললৈ প্ৰেৰণ কৰিছিল৷ আৰু যোৱা দুমাহ ধৰি গোলাঘাট জিলা কাৰাগাৰত বৰ্ষাশ্ৰী বুঢ়াগোহাঁই কাৰাৰুদ্ধ হৈ আছে৷
লগতে পঢ়ক ২৭ বছৰতকৈ জ্যেষ্ঠ পুৰুষৰ সৈতে বিবাহ জাপানী পপষ্টাৰ য়ুকিৰ
আৰক্ষীয়ে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে আফলা গমনৰ প্ৰস্তুতি চলোৱাৰ বাবেহে গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰি আহিছিল৷
ইফালে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই গ্ৰেপ্তাৰ কাণ্ডই সামাজিক মাধ্যমত শেহতীয়াকৈ ব্যাপক প্ৰচাৰ লাভ কৰা দেখা গৈছিল৷ নেট-নাগৰিকৰ ব্যাপক প্ৰচাৰ আৰু সমালোচনাই চৰকাৰৰ লগতে আৰক্ষীক যথেষ্ট অস্বস্তিত পেলোৱা দেখা গৈছিল৷
আৰক্ষীয়ে দাবী কৰা মতে “স্বাধীন সুৰুযৰ দিশে আকৌ এখোজ, আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ” টেগলাইনৰ বাবে ১৯ বছৰীয়া ছাত্ৰীগৰাকীক আৰক্ষীয়ে UA(P)Aৰ অধীনত গোচৰ ৰুজু গ্ৰেপ্তাৰ কৰা হৈছিল৷
লগতে পঢ়ক কি কি খাদ্য খালে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি হয়?
বৰ্ষাশ্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ উত্থাপন কৰাৰ পিছতে অসম চৰকাৰ তথা আৰক্ষীৰ বিৰুদ্ধে কেৱল অসমতে নহয় দেশজুৰিও ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছিল৷
অসমসহ দেশৰ সৰ্বত্ৰে বিশেষকৈ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ যোগেদি বৰ্ষাশ্ৰীক মুকলি কৰি দিয়াৰ দাবী উত্থাপিত হয়৷
উল্লেখ্য যে ১৬ জুলাইৰ পৰা বৰ্ষাশ্ৰীৰ স্নাতক পৰীক্ষা আৰম্ভ হৈছিল। ৰাজ্যৰ জনসাধাৰণে কাৰাবন্দী হৈ থকা বৰ্ষাশ্ৰীয়ে যাতে পৰীক্ষাত বহিব পাৰে তাৰবাবে বিভিন্ন ধৰণৰ পোষ্টেৰে চৰকাৰক আহ্বান জনাইছিল৷ গোলাঘাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বৰ্ষাশ্ৰীক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ নিৰ্দেশ দিয়ে৷ গোলাঘাট জিলা কাৰাগাৰতে পৰীক্ষাত অৱতীৰ্ণ হয় বৰ্ষাশ্ৰী বুঢ়াগোঁহাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















