মুম্বাইত বসবাস কৰা এগৰাকী এয়াৰ হোষ্টেছৰ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। যুৱতীগৰাকীয়ে অভিযোগ কৰা অনুসৰি উজ্জয়িনীৰ আৰ্টিলাৰীত বাস কৰা আশী খান নামৰ যুৱকজনে ২০২০ চনত লিভ-ইনত থকাৰ সময়ত কেইবাবাৰো শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল।
পেছাত এয়াৰহোষ্টেজ যুৱতীগৰাকীয়ে ইয়াৰ পিছত যুৱকজনক বিয়াৰ বাবে হেঁচা দিয়াত যুৱকজনে তেওঁক এৰি পলায়ন কৰে। সেই সময়ত যুৱকজনে মুম্বাইত কাপোৰৰ ব্যৱসায় কৰি আছিল। ২০২২ চনৰ এপ্ৰিল মাহত মুম্বাইৰ এখন থানাত যুৱকজনৰ বিৰুদ্ধে ছোৱালীজনীয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিতে অভিযুক্ত যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল।
ইয়াৰ পিছতে কাৰাগাৰত বহি যুৱকজনে পুনৰ যুৱতীগৰাকীক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি কাৰাগাৰৰ পৰা ১১ দিনৰ পিছত জামিন লাভ কৰে। অৱশ্যে যুৱকজনে আৰু যুৱতীগৰাকীক লৈ যোৱা ৮ আগষ্টত উজ্জয়িনীলৈ আহে৷ উজ্জয়িনীস্থিত ধৰি যুৱকজনৰ ঘৰতে যোৱা দুটা দিন দুয়োৱেতাকে।
লগতে পঢ়ক আলফা(স্বা)লৈ যাবলৈ ভৰি দাঙি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল চৰকাৰী বিষয়াৰ পত্নী
যুৱতীগৰাকীয়ে জনোৱা মতে, যোৱা ৯ তাৰিখে নিশা অভিযুক্ত আশী খানে তেওঁক শাৰীৰিকভাৱে আক্ৰমণৰ কৰে৷ ইয়াৰ পিছতে ভুক্তভোগী যুৱতাগৰাকীয়ে থানাত উপস্থিত হয় আৰু আৰক্ষীয়ে আহত যুৱতীগৰাকীক ৰাতিয়ে চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰে।
এয়াৰ হোষ্টেছৰ মতে, অভিযুক্তৰ পৰিয়ালৰ লোকে আলোচনা কৰি তেওঁলোকৰ দুয়োৰে বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দিয়ে। এই প্ৰতিশ্ৰুতিৰ ভিত্তিতে পূৰ্বৰ অভিযোগ তেওঁ প্ৰত্যাহাৰ কৰা পিছতে যোৱা ৮ আগষ্টত যুৱকজনে যুৱতীগৰাকীক উজ্জয়িনীৰ ঘৰলৈ আনে। ইয়াৰ পিছতে অভিযুক্ত যুৱকজনে যুৱতীগৰাকীক বিভিন্ন প্ৰকাৰে শাৰীৰিক অত্যাচাৰ কৰিবলৈ ধৰে।
লগতে পঢ়ক বিয়াৰ ৫৪ বছৰৰ পিছত পুত্ৰ সন্তান জন্ম, ৭৫ বছৰৰ বয়সত পিতৃত্বৰ গৌৰৱ প্ৰাক্তন সৈনিকৰ
ইয়াৰ পিছতে যুৱতীগৰাকীয়ে পুনৰ আৰক্ষীৰ ওচৰত যুৱকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে আৰু আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷
ইয়াৰ পিছত তাই পোনে পোনে মহিলা থানালৈ গ’ল। ৰাতিপুৱা যেতিয়া ছোৱালীজনী পুনৰ থানাত উপস্থিত হয়, তেতিয়া ছোৱালীজনীয়ে নিজৰ ইচ্ছামতে আৰক্ষীক এটা বিবৃতি দিলে যে ইয়াৰ পিছত যিয়েই হ’ব সেয়া তাইৰ নিজৰ দায়িত্ব হ’ব। বক্তব্য ৰেকৰ্ড কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ