ভাৰতীয় ৰিজাৰ্ভ বেংকে শীঘ্ৰেই NPCI, ATM NETWORK আৰু বেংকসমূহৰ পৰা কাৰ্ডবিহীন নগদ ধন উলিওৱা সেৱাৰ বাবে নিৰ্দেশনা জাৰি কৰিব।
এই সেৱা সকলো গ্ৰাহকৰ অনুমোদন UPIৰ জৰিয়তে কৰা হ’ব আৰু এনে লেনদেনবোৰ ATM Networkৰ মাধ্যমেৰে সম্পন্ন কৰা হ’ব। শুকুৰবাৰে এই সন্দৰ্ভত RBI গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে কাৰ্ড অবিহনে নগদ ধন উলিয়াব পৰা ব্যৱস্থা ইতিমধ্যে কিছুমান বেংকে আৰম্ভ কৰিছে।
লগতে পঢ়ক মুছলমান মহিলাক অপহৰণ কৰি ধৰ্ষণৰ ভাবুকি ‘সাধুবাবা’ৰ, কি পদক্ষেপ ল’লে যোগীয়ে?
অৱশ্যে CARD WITHDRAWALৰ কাৰণে Mobile Appৰ ব্যৱহাৰ হৈ আছে। এই সুবিধাৰ লেনদেনৰ সীমা ১০,০০০ টকাৰ পৰা ২০,০০০ টকা পৰ্যন্ত৷ কিছুমান বেংকে এই সুবিধাৰ বাবে তেওঁলোকৰ গ্ৰাহকৰ পৰা অতিৰিক্ত লেনদেন মাছুলও সংগ্ৰহ কৰি আছে।
এতিয়াৰ পৰা UPIৰ ব্যৱহাৰৰ জৰিয়তে সকলো বেংক আৰু ATM নেটৱৰ্কত কাৰ্ডবিহীন নগদ ধন উলিওৱাৰ সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। এই ব্যৱস্থাৰ দ্বাৰা ই-কাৰ্ড স্কেমিং প্ৰতিহত কৰাৰ লগতে ব্যৱহাৰকাৰীৰ সহজতা বৃদ্ধিত সহায়ক হ’ব বুলি ধাৰণা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















