আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ইতিহাসত অন্যতম ভয়াৱহ ঘটনা সংঘটিত হৈছে৷ দেশখনৰ টেক্সাছ ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত গুলীচালনা কৰি ১৯ টি শিশুসহ ২ জন লোকক হত্যা কৰা হৈছে৷
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বডি আৰ্মাৰ পিন্ধা এজন ১৮ বছৰীয়া বন্দুকধাৰীয়ে ১৯ টি শিশু আৰু দুজন প্ৰাপ্তবয়স্ককে ধৰি অতি কমেও ২১ জন লোকক হত্যা কৰে৷
এই ভয়াৱহ ঘটনাটো যোৱা মংগলবাৰে পুৱা ১১.৩০ বজাত ছান এণ্টনিঅ’ৰ পৰা ১৩৪ কিলোমিটাৰ নিলগত অৱস্থিত টেক্সাছৰ উভাল্ডে চহৰৰ ৰব প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয়৷
লগতে পঢ়ক ‘গুটখা’ই হ’ল কাল! পিক পেলাবলৈ গৈ ড্ৰাইভাৰে কৰিলে দুৰ্ঘটনা
গুলীচালনাৰে এই ভয়ংকৰ হত্যালীলা চলোৱা যুৱকজনক ল’ এনফৰ্ছমেণ্টে গুলীয়াই হত্যা কৰে৷ তদন্তকাৰী সংস্থাটোৱে জনোৱা অনুসৰি সন্দেহযুক্ত লোকজনে হাতত হেণ্ডগান, এ আৰ-১৫ ছেমি অ’টোমেটিক ৰাইফল আৰু উচ্চ ক্ষমতাসপন্ন মেগজিনেৰে আক্ৰমণ সংঘটিত কৰিছিল৷
টেক্সাছৰ গৱৰ্ণৰ গ্ৰেগ এবটে হত্যাকাৰীজনক বিদ্যালয়খন থকা অঞ্চলটোৰ বাসিন্দা ছালভাডৰ ৰামোছ বুলি চিনাক্ত কৰিছে। কি কাৰণে যুৱকজনে এই হত্যা লীলা চলালে সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷
আমেৰিকাৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে যুৱকজনে আৰম্ভণিতে নিজৰ আইতাকক গুলীয়াই হত্যা কৰাৰ সন্দেহ কৰা হৈছে।
লগতে পঢ়ক সমলিংগ বিবাহৰ অনুমতি প্ৰদান : উৎফুল্লিত সমকামীসকল!
“তেওঁ ভয়ংকৰ আৰু অৱলীলাক্ৰমে গুলীয়াই হত্যা কৰিছিল। তেওঁ থিতাতে চৈধ্যজন ছাত্ৰ আৰু এজন শিক্ষকক গুলীয়াই হত্যা কৰে।’’ সংবাদ মাধ্যমত এবটে কয়। পৰৱৰ্তী সময়ত শিশুৰ মৃত্যু সংখ্যা ১৯ গৰাকীলৈ আৰু প্ৰাপ্তবয়স্ক লোকৰ সংখ্যা ২ গৰাকীলৈ বৃদ্ধি হয়৷
বিদ্যালয়খনৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি নিহত শিশু শিক্ষাৰ্থীসকলৰ বয়স ৫ বছৰৰ পৰা ১১ বছৰৰ ভিতৰত হ’ব।
আৰক্ষী অধীক্ষক, উভাল্ডে পিট আৰেডণ্ডোৱে কয় “আজি পুৱা প্ৰায় ১১:৩২ বজাত ৰব প্ৰাথমিক বিদ্যালয়ত গণ হত্যাকাণ্ড সংঘটিত হয়”। তেওঁ কয় যে হত্যাকাৰীয়ে এজন অকলশৰীয়া পহুৰ দৰে কাম কৰিছিল – যাক আৰক্ষী গুলীয়াই হত্যা কৰিবলৈ বাধ্য হৈছিল। তেওঁৰ মতেও মৃত শিশুকেইটি দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থী আৰু তেওঁলোকৰ বয়স ৭ বছৰৰ পৰা ১০ বছৰৰ ভিতৰত আছিল।
লগতে পঢ়ক কেৰেলাত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্মহত্যা : স্বামীক জৰিমনাসহ ১০ বছৰৰ কাৰাদণ্ড
ইফালে এই ভয়ংকৰ হত্যাকাণ্ডৰ পিছতে জাপানৰ কোৱাড সমাৱেশত অংশগ্ৰহণ কৰি দেশলৈ উভতি অহাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ নিহত শিশুসকলৰ পিতৃ-মাতৃক আৱেগিক ভাষণেৰে ৰাষ্ট্ৰপতি জু বাইডেনে সান্ত্বনা দিবলৈ চেষ্টা কৰে৷ “এটা সন্তান হেৰুৱাটো নিজৰ আত্মাৰ এটা টুকুৰা ফালি পেলোৱাৰ দৰেই।” বুলিও অভিহিত কৰিছে ৰাষ্ট্ৰপতি বাইডেনে৷
উল্লেখ্য যে আমেৰিকাত এনেধৰণৰ গুলীচালনা ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ Gun Violence Archive নামৰ এটা NGOৰ সমীক্ষাৰ মতে কেৱল ২০২২ বৰ্ষতে আমেৰিকাত অতি কমেও ২১২ টা এনে গুলীচালনাৰ ঘটনা সংঘটিত হৈছে৷ এই ২১২ টা এনেধৰণৰ গুলীচালনা ঘটনাৰ ভিতৰত যোৱা মংগলবাৰৰ ঘটনাটোৱেই আটাইতকৈ ভয়ংকৰ আছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ