বিমান বন্দৰত অৱতৰণ কৰাৰ সময়তে ভংয়কৰ দুৰ্ঘটনাত পতিত হৈছে এখন যাত্ৰীবাহী কাৰ্গ’ বিমান৷ বৃহস্পতিবাৰে দক্ষিণ আমেৰিকাৰ কোষ্টাৰিকা ৰাজধানী ছান জ’ছৰ ছাণ্টা মাৰিয়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছে৷
সংবাদ সংস্থাৰ বাতৰিৰ মতে জাৰ্মান পৰিবহন কোম্পানীৰ দুৰ্ঘটনাগ্ৰস্ত কাৰ্গ’ বিমানখনে জৰুৰী অৱতৰণৰ সময়ত হঠাতে পিছফালৰ চকাটো ৰানৱেৰপৰা পিছলি যায়৷ ইয়াৰ ফলত বিমানখনে ভাৰসাম্য হেৰুৱাই পেলাই প্ৰচণ্ড জোৰেৰে মাটিত খুন্দা মাৰে৷
মাটিত খুন্দা মৰাৰ পিছতে দুর্ঘটনাগ্ৰস্ত বিমানখন ভাগি দুটুকুৰা হয়। অৱশ্যে ঘটনাটোত পাইলটসহ কোনো যাত্ৰী হতাহত হোৱা নাই।
লগতে পঢ়ক উৰন্ত বিমানত মহিলা যাত্ৰীৰ সন্মুখতে হস্তমৈথুন যাত্ৰীৰ! কি হ’ল ইয়াৰ পিছত?
দুৰ্ঘটনাটোৰ পিছত বিমানখনৰ এটা অংশৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল যদিও কোনো অগ্নিকাণ্ডৰ সৃষ্টি নহ’ল৷
স্মৰ্তব্য যে ২০২০ চনৰ আগষ্ট মাহত কেৰালাৰ কোজিকোড়ৰ কাৰুপুৰ বিমানবন্দৰত অৱতৰণ কৰোঁতে এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমান পিছলি গৈ খাৱৈত পৰি গৈছিল। উক্ত দুৰ্ঘটনাটোত দুজন চালকসহ ১৯ জন লোক নিহত হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ