ৰাছিয়াৰ আক্ৰমণত নিহত হৈছে ইউক্ৰেইনৰ যুৱ সাংসদ ছভিয়াটছ্লাভ য়ুৰাছ(২৬)ৰ প্ৰেমিকা৷ যোৱা ১৬ মাৰ্চত ৰাছিয়ান সেনাই কৰা আক্ৰমণত নিহত হৈছে যুৱ সাংসদ গৰাকীৰ সাংবাদিক প্ৰেমিকাগৰাকীৰ৷
বৃহস্পতিবাৰে নিজৰ টুইটাৰ হেণ্ডলত প্ৰেমিকাৰ সৈতে উঠা নিজৰ ফ’টো শ্বেয়াৰ কৰি যুৱ সাংসদগৰাকীয়ে লিখিছে, ‘‘কীয়েভৰ সুন্দৰী যুৱ সাংবাদিক আলেকজেণ্ডাৰ কুছেন’ভাক ৰাছিয়াই হত্যা কৰিছে৷ মই তেওঁক ভাল পাইছিলো৷ কেইবা দশকৰ সুখ আৰু দুখ, আনন্দ আৰু বেদনাৰ সংগী আছিল৷ মৃত্যুৰ বাহিৰে আমাক কোনেও পৃথক কৰিব নোৱাৰিলেহেঁতন৷ মই তোমাক কেতিয়াও পাহৰিব নোৱাৰো৷ তেওঁলোকক(ৰাছিয়াক) কেতিয়াও ক্ষমা কৰা নহ’ব৷’’

লগতে পঢ়ক বৰ্বৰতা! বিদ্যালয় আৰু সাংস্কৃতিক কেন্দ্ৰত আক্ৰমণ; নিহত ২১ আহত ২৫
উল্লেখ্য যে যোৱা ১৫ তাৰিখে ৰাছিয়া আক্ৰমণত ২৫ বছৰীয়া যুৱ সাংবাদিকগৰাকীক ৰাছিয়ান সেনাৰ আক্ৰমণ নিহত হোৱা বুলি ইউক্ৰেইনৰ গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছিল৷

ইফালে ৰাছিয়ান সেনাৰ আক্ৰমণত খাৰকিভৰ সমীপৰ মেৰেফাৰ এটা বহু মহলীয়া আট্টালিকা ধ্বংস্তূপত পৰিণত হয়৷ উক্ত আট্টালিকাটোত থকা অতি কমেও ২১ গৰাকী সাধাৰণ লোক নিহত হোৱাৰ লগতে ২৫ গৰাকীৰো অধিক লোক আহত হৈছে৷
আনহাতে, ৰাছিয়াৰ ২২ দিনীয়া আক্ৰমণত ১০৩ টি শিশু নিহত হোৱাৰ লগতে ১০০ ৰো অধিক শিশু আহত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















